Content-Length: 109868 | pFad | https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%9C%E0%A6%BE

ফ্ৰেইজা - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

ফ্ৰেইজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন বাউয়াৰে (১৮৮২–১৯১৮) অংকন কৰা ফ্ৰেজা (১৯০৫)

ফ্ৰেইজা (ইংৰাজী: Freyja) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ এগৰাকী দেৱী। ফ্ৰেইজাক প্ৰেম, সৌন্দৰ্য্য, উৰ্বৰতা, যৌনতা, যুদ্ধ, সোণ আৰু ছেইড্ৰ (seiDr; ভৱিষ্যত দেখা আৰু প্ৰভাৱিত কৰাৰ বাবে যাদু)ৰ সৈতে জড়িত এগৰাকী দেৱী হিচাপে বৰ্ণনা কৰা হয়। ফ্ৰেইজা “ব্ৰিছিঙ্গামেন” (Brísingamen) নামৰ গহনাৰ মালিক, দুটা মেকুৰীয়ে টানি অনা ৰথত উঠি ভ্ৰমণ কৰে। ফ্ৰেইজাৰ লগৰীয়া হৈছে হিলডিছভিনি (Hildisvíni) নামৰ এটা গাহৰী আৰু তেওঁৰ ওচৰত শেন চৰাইৰ পাখিৰ এজোৰ পোছাক আছে। তেওঁৰ স্বামী হৈছে দেৱতা অডাৰ। তেওঁ দুগৰাকী কন্যা হৈছে হনছ আৰু গেৰ্চেমি। তেওঁ যমজ ভাতৃ ফ্ৰেইৰ, পিতৃ ঞ্জোৰ্ডাৰ আৰু মাতৃৰ সৈতে তেওঁ হৈছে দেৱ গোট ভানিৰৰ সদস্য। পুৰণি নৰ্ছ ভাষাৰ ফ্ৰেইজা শব্দৰ পৰা উদ্ভৱ হোৱা এই নামটোৰ আধুনিক ৰূপসমূহৰ ভিতৰত ফ্ৰেয়া (Freya), ফ্ৰেইয়া (Freyia) আৰু ফ্ৰেজা (Freja) আদি অন্তৰ্ভুক্ত।

ফ্ৰেইজাই নিজৰ স্বৰ্গীয় ক্ষেত্ৰ ফ'ল্কভাংৰত (Fólkvangr) শাসন কৰে, য'ত যুদ্ধত মৃত্যু হোৱাসকলৰ আধা অংশ দেৱতা লাভ কৰে। বাকী আধা দেৱতা অডিনৰ পাতাল, ভালহাল্লালৈ যায়। ফ'ল্কভাংৰৰ ভিতৰত তাইৰ নিজা পাতাল, ছেশ্ৰুমিন্ৰ (Sessrúmnir) নিহিত হৈ আছে। ফ্ৰেইজাই আন দেৱতাক তেওঁৰ পাখিযুক্ত পোছাক ব্যৱহাৰ কৰিবলৈ অনুমতি দি সহায় কৰে, উৰ্বৰতা আৰু প্ৰেমৰ বিষয়ত তেওঁক আমন্ত্ৰণ জনোৱা হয় আৰু শক্তিশালী জোটনাৰে (জোটুন) সঘনাই তেওঁক নিজৰ পত্নী কৰিব বিচাৰে। ফ্ৰেইজাৰ স্বামী অ’ডাৰ দেৱতা সঘনাই অনুপস্থিত থাকে। স্বামীক বিচাৰি তেওঁ ৰঙা সোণৰ চকুলো নিগৰাই কান্দে, আৰু নাম ধৰি তেওঁক আহ্বান কৰে। ফ্ৰেইজাৰ গেফন (Gefn), হৰ্ণ (Hörn), মাৰ্ড'ল (Mardöll, চাইৰ (Sýr), ভানাডিছ (Vanadís), আৰু ভালফ্ৰেইজা (Valfreyja) আদি বহুতো নাম আছে।

ত্ৰয়োদশ শতিকাত পূৰ্বৰ পৰম্পৰাগত উৎসৰ পৰা সংকলিত কাব্যিক এড্ডা, ত্ৰয়োদশ শতিকাত স্ন'ৰী ষ্টাৰলুচনে সংকল কৰা গদ্য এড্ডা আৰু হেইমস্ক্ৰিংলা, আইচলেণ্ডৰ বহুতো বীৰগাথা আৰু স্কল্ডছৰ কবিতা আদিত ফ্ৰেইজাৰ বিৱৰণ পোৱা গৈছে। ইয়াৰ লগতে স্কেণ্ডিনেভিয়ান লোককথা আৰু আধুনিক যুগৰ লোককথাতো ফ্ৰেইজাৰ বিষয়ে পোৱা যায়।

ফ্ৰেইজা আৰু দেৱী ফ্ৰিগ জাৰ্মানীয় জনগোষ্ঠীৰ সাধাৰণ একক দেৱীৰ পৰাই উদ্ভৱ হৈছে বুলি পণ্ডিতসকলে ক’ব বিচাৰে। তেওঁলোকে তেওঁক মহিলা যোদ্ধাৰ গোট ভলকাইৰী সৈতে সংযোগ কৰিছে আৰু জাৰ্মানীয় পৌৰাণিক কাহিনীৰ অন্যান্য দেৱী আৰু ব্যক্তিত্বৰ সৈতে তেওঁৰ সম্পৰ্ক বিশ্লেষণ কৰিছে। এনে দেৱীসকলৰ ভিতৰত তিনিবাৰকৈ জ্বলি যোৱা আৰু তিনিবাৰ পুনৰ জন্ম হোৱা গুলভেইগ/হেইডাৰ, দেৱী গেফজন, স্কাডি, অৰ্জাৰডাৰ হ'লগাব্ৰুডৰ আৰু ইৰপা, মেংল'ড, আৰু ১ম শতিকাৰ খ্ৰীষ্টাব্দৰ ছুইবিৰ "আইছিছ" আদি অন্যতম। স্কেণ্ডিনেভিয়াত বিশেষকৈ দক্ষিণ ছুইডেনত ফ্ৰেইজাৰ নাম সঘনাই উদ্ভিদৰ নামত দেখা পোৱা যায়। স্কেণ্ডিনেভিয়াৰ বিভিন্ন উদ্ভিদে এসময়ত তেওঁৰ নাম বহন কৰিছিল যদিও খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ প্ৰক্ৰিয়াৰ সময়ত ইয়াৰ ঠাইত কুমাৰী মেৰীৰ নাম লোৱা আৰম্ভ হৈছিল। গ্ৰাম্য স্কেণ্ডিনেভিয়ানসকলে ১৯ শতিকালৈকে ফ্ৰেইজাক অতিপ্ৰাকৃতিক ব্যক্তিত্ব হিচাপে স্বীকৃতি দিছিল আৰু ফ্ৰেইজাৰ পৰা অনুপ্ৰাণিত হৈ বিভিন্ন শিল্পকৰ্ম সৃষ্টি কৰিছিল।

কলা আৰু সাহিত্য

[সম্পাদনা কৰক]

আধুনিক যুগৰ সাহিত্যত ফ্ৰেইজাক ৰোমান ভেনাছৰ স্কেণ্ডিনেভিয়ান সমকক্ষ হিচাপে গণ্য কৰা হৈছিল। উদাহৰণস্বৰূপে ছুইডিছ সাহিত্যত দেৱী ফ্ৰেইজাক ৰোমাণ্টিক প্ৰেমৰ সৈতে জড়িত কৰা হৈছে বা ইয়াৰ বিপৰীতে কেৱল "কামনা আৰু শক্তি"ৰ প্ৰতিশব্দ হিচাপে গণ্য কৰা হৈছে।[1] ১৮ শতিকাত ছুইডেনৰ কবি কাৰ্ল মাইকেল বেলমেনে তেওঁৰ কাব্য ফ্ৰেডমেনছ এপিষ্টলেছ (Fredman's Epistles)ত ষ্টকহোমৰ বেশ্যাসকলক "ফ্ৰ’জাৰ সন্তান" বুলি উল্লেখ কৰিছিল।[2] ব্ৰিট-মাৰী নাষ্ট্ৰমে লক্ষ্য কৰিছে যে ১৯ শতিকাত ছুইডিছ ৰোমাণ্টিকবাদে ফ্ৰেইজাৰ কামোদ্দীপক গুণতকৈ "স্বামীৰ বাবে কান্দি থকা দূৰ্বল দেৱী"ৰ প্ৰতিচ্ছবিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Näsström (1995), পৃষ্ঠা. 21–22.
  2. 2.0 2.1 Näsström (1995), পৃষ্ঠা. 21.








ApplySandwichStrip

pFad - (p)hone/(F)rame/(a)nonymizer/(d)eclutterfier!      Saves Data!


--- a PPN by Garber Painting Akron. With Image Size Reduction included!

Fetched URL: https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%9C%E0%A6%BE

Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy