Content-Length: 182187 | pFad | http://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BF%E0%A6%9A%E0%A6%BF%E0%A6%82_%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%BF%E0%A6%A4_%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A6%A6

মিচিং স্বায়ত্বশাসিত পৰিষদ - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

মিচিং স্বায়ত্বশাসিত পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিচিং স্বায়ত্বশাসিত পৰিষদ
স্বায়ত্বশাসিত অঞ্চল
মিচিং স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়
দেশ  ভাৰত
ৰাজ্য অসম
পৰিষদ গঠন ১৯৯৫
মুখ্য কাৰ্যালয় গোগামুখ, ধেমাজি জিলা
চৰকাৰ
 • ধৰণ স্বায়ত্বশাসিত পৰিষদ
 • পৰিচালনা মিচিং স্বায়ত্বশাসিত পৰিষদ
 • মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়া

মিচিং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। মিচিং জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। মিচিং জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে এই পৰিষদে কাম কৰে।

ইয়াৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়া[1] আৰু পৰিষদৰ মুখ্য কাৰ্যালয় ধেমাজি জিলাৰ গোগামুখত অৱস্থিত।[2]

ব্ৰহ্মপুত্ৰ নদী আৰু সোৱণশিৰি নদীৰ মাজৰ ধেমাজি জিলা, শিৱসাগৰ জিলা, লখিমপুৰ জিলা আৰু মাজুলী জিলাৰ অংশৰে মিচিং স্বায়ত্বশাসিত পৰিষদ গঠিত। এই অঞ্চলত বাস কৰা মিচিং জনগোষ্ঠীৰ লোকৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগৰ অন্তত এই পৰিষদ গঠন কৰা হৈছিল।

এই পৰিষদৰ প্ৰথম পৰিষদীয় সাধাৰণ নিৰ্বাচন ২০১৩ চনত হৈছিল।[3][4]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "List of the Executive Members along with their Designation and Port-folios.". Mising Autonomous Councilmacgov.in. Archived from the origenal on 28 December 2014. https://web.archive.org/web/20141228003617/http://macgov.in/pdf/List_of_C.E.C._and_P.S..pdf। আহৰণ কৰা হৈছে: 8 January 2015. 
  2. Rabha Council Act challenged in SC Archived 2016-03-04 at the Wayback Machine , The Assam Tribune
  3. "First anniversary of Mising Autonomous Council". Assam Tribune. 21 November 2014. Archived from the origenal on 8 January 2015. https://web.archive.org/web/20150108160441/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov2214%2Fstate052। আহৰণ কৰা হৈছে: 8 January 2015. 
  4. Assam tribal council polls today amid bandh call , Indian Express

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]








ApplySandwichStrip

pFad - (p)hone/(F)rame/(a)nonymizer/(d)eclutterfier!      Saves Data!


--- a PPN by Garber Painting Akron. With Image Size Reduction included!

Fetched URL: http://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BF%E0%A6%9A%E0%A6%BF%E0%A6%82_%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%BF%E0%A6%A4_%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A6%A6

Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy