Content-Length: 180033 | pFad | http://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A6%9B%E0%A6%BE%E0%A6%9B

মৰিছাছ - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

মৰিছাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মৰিছাছ (ইংৰাজী: Mauritius) আফ্ৰিকাৰ দক্ষিণ-পূব উপকূলৰ ওচৰত ভাৰত মহাসাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ সম্পূৰ্ণ নাম ৰিপাব্লিক অৱ মৰিছাছ। দেশৰ ৰাজধানী প’ৰ্ট লুইছ, যিটো দেশৰ প্ৰধান সাগৰীয় বন্দৰ। ভাৰত মহাসাগৰৰ পশ্চিম অংশত আফ্ৰিকাৰ মূল ভূখণ্ডৰ পৰা ২০০০ কিলোমিটাৰ পূবে আৰু দ্বীপ ৰাষ্ট্ৰ মাদাগাস্কাৰৰ পৰা ৮০০ কিলোমিটাৰ পূবে অৱস্থিত এই দ্বীপটো।[1]

মৰিচাছৰ আদিম তথ্য প্ৰায় দশম শতিকাৰ আৰম্ভণিৰ আৰু দ্ৰাবিড় (তামিল) আৰু অষ্ট্ৰনেছিয়ান নাৱিকৰ উল্লেখৰ পৰা পোৱা গৈছে। পৰ্তুগীজ নাৱিকসকলে প্ৰথমে ১৫০৭ চনত ইয়ালৈ আহি এই জনবসতিহীন দ্বীপটোত ভ্ৰমণ ঘাটি স্থাপন কৰিছিল আৰু তাৰ পিছত দ্বীপটো এৰি থৈ গৈছিল। ১৫৯৮ চনত স্পাইচ দ্বীপলৈ যাত্ৰা কৰিবলৈ যোৱা হলণ্ডৰ পৰা তিনিখন জাহাজে ঘূৰ্ণীবতাহৰ সময়ত বিচৰণ কৰি ইয়ালৈ আহিছিল। তেওঁ নাছাউৰ ক্ৰাউন প্ৰিন্স মৰিছৰ সন্মানত এই দ্বীপটোৰ নাম মৰিচাছ ৰাখিছিল। ১৬৩৮ চনত ডাচসকলে ইয়াত প্ৰথম স্থায়ী বসতি স্থাপন কৰে। ঘূৰ্ণীবতাহৰ সৈতে কঠোৰ জলবায়ু আৰু বসতিস্থলটোৰ সঘনাই ক্ষতিৰ বাবে ডাচসকলে কেইটামান দশকৰ পিছত এই দ্বীপটো পৰিত্যাগ কৰে। ইতিমধ্যে চুবুৰীয়া দ্বীপ বোৰ্বন (বৰ্তমান ৰিইউনিয়ন) দ্বীপৰ ওপৰত নিয়ন্ত্ৰণ থকা ফ্ৰান্সে ১৭১৫ চনত মৰিচাছক নিজৰ অন্তৰ্ভুক্ত কৰি আইল ডি ফ্ৰান্স (ফ্ৰান্স দ্বীপ) নামেৰে নামাকৰণ কৰে। ফৰাচী শাসনৰ অধীনত এই দ্বীপটোৱে চেনি উৎপাদনৰ ওপৰত ভিত্তি কৰি এক সমৃদ্ধিশালী অৰ্থনীতি গঢ়ি তুলিছিল। এই অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল গৱৰ্ণৰ (গৱৰ্ণৰ) ফ্ৰান্সোৱা মাহে ডি লেবাৰডনেইছে।

মৰিছাছ দ্বীপত দদ নামৰ এবিধ চৰাই আছিল। মৰিছাছ দ্বীপলৈ অহা জাহাজৰ নাবিকবোৰে এই দৌৰিব নোৱাৰা চৰাইবোৰ ধৰি ধৰি খাবলৈ ললে। মাৰিবলৈ সহজ বাবে নাবিকবোৰে প্ৰয়োজনতকৈ বেছিকৈ চৰাই মাৰিবলৈ ধৰাৰ ফলত কিছু বছৰৰ ভিতৰত দদ চৰাই মৰিছাছ দ্বীপৰ পৰা সম্পূৰ্ন লোপ পালে।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]








ApplySandwichStrip

pFad - (p)hone/(F)rame/(a)nonymizer/(d)eclutterfier!      Saves Data!


--- a PPN by Garber Painting Akron. With Image Size Reduction included!

Fetched URL: http://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A6%9B%E0%A6%BE%E0%A6%9B

Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy