Content-Length: 133176 | pFad | http://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BE%E0%A6%AB%E0%A6%B2%E0%A6%82

হাফলং - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

হাফলং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাফলং
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিমা হাছাও জিলা
উচ্চতা
680 m (2,230 ft)
জনসংখ্যা
 (2012)
 • মুঠ 35,906

হাফলং (ইংৰাজী: Haflong)ভাৰতঅসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ [1] "Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

হাফলং ডিমা হাছাও জিলাত অৱস্থিত একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থান৷ ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৬৮০ মিটাৰ৷[2][3]

জলবায়ু

[সম্পাদনা কৰক]

হাফলঙৰ জলবায়ু প্ৰধানত: সেমেকা অৰ্ধক্ৰান্তীয় জলবায়ু৷ ইয়াত সৰ্বনিম্ন তাপমাত্ৰা ১৯৮০ চনৰ ৭ জানুৱাৰীত ২.৪ ডিগ্ৰীলৈ নমা বুলি জানিব পৰা যায়৷

চাইনদ ভিউ পইণ্টৰপৰা দেখা পোৱা হাফলং চহৰৰ কিছু অংশ। ডিমা হাছাও পৰ্যটন বিভাগে সাজি উলিওৱা এই ভিউ পইণ্টটো সাগৰপৃষ্ঠৰপৰা ৫৯৩ মিটাৰ উচ্চতাত অৱস্থিত।
Haflongৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.8
(83.8)
25.2
(77.4)
28.4
(83.1)
29.0
(84.2)
20.0
(68.0)
28.3
(82.9)
26.5
(79.7)
28.2
(82.8)
25.8
(78.4)
24.3
(75.7)
21.0
(69.8)
18.1
(64.6)
গড় উষ্ণতা - উচ্চ °C (°F) 13.6 16.2 20.0 21.2
(70.2)
21.2
(70.2)
21.7
(71.1)
21.9
(71.4)
22.2
(72.0)
21.7
(71.1)
20.3
(68.5)
17.6
(63.7)
14.7
(58.5)
19.36
(66.84)
গড় উষ্ণতা - নিম্ন °C (°F) 10.3
(50.5)
12.0
(53.6)
15.9
(60.6)
20.0
(68.0)
22.7
(72.9)
24.9
(76.8)
25.6
(78.1)
25.6
(78.1)
24.7
(76.5)
21.9
(71.4)
16.7
(62.1)
11.8
(53.2)
19.34
(66.82)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.7
(38.7)
4.1
(39.4)
6.3
(43.3)
12.0
(53.6)
13.2
(55.8)
15.4
(59.7)
18.4
(65.1)
18.1
(64.6)
15.7
(60.3)
10.6
(51.1)
8.3
(46.9)
5.0
(41.0)
সাঁচ:Min/12
বৰ্ষাপাত mm (ইঞ্চি) 11.9
(0.469)
18.3
(0.72)
55.8
(2.197)
147.9
(5.823)
244.2
(9.614)
316.4
(12.457)
345.4
(13.598)
264.3
(10.406)
185.9
(7.319)
91.2
(3.591)
18.7
(0.736)
7.1
(0.28)
0
(0)
% আৰ্দ্ৰতা 69 55 47 48 55 51 53 52 53 52 52 52 53.3
Avg. rainy days 1.8 2.9 5.8 13.1 17.0 19.6 22.3 18.5 15.2 7.4 2.8 1.3 127.7
সূৰ্যোদয়ৰ সময় 106.3 174.7 180.1 181.0 152.2 102.0 104.0 121.2 98.0 104.6 131.0 132.5 1,587.6
উৎস নং ১: World Meteorological Organization.,[4] NOAA (extremes & humidity, 1971-1990)[5]
উৎস নং ২: Hong Kong Observatory.[6]

যাতায়াত ব্যৱস্থা

[সম্পাদনা কৰক]

হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰেলৰ চলাচল আছে৷

হাফলঙত প্ৰধানকৈ হাফলং হিন্দী, ডিমাছা, মাৰ আৰু বঙালী ভাষা প্ৰচলিত৷ ইয়াৰোপৰি অসমীয়া আৰু নেপালী ভাষাও ইয়াত প্ৰচলিত।

জনসংখ্যা

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি হাফলঙ নগৰৰ জনসংখ্যা আছিল ৪৩,৭৫৬ জন৷ ইয়াৰে ২২,৮৩৮পুৰুষ আৰু ২০,৯১৮ মহিলা৷ হাফলঙৰ গড় সাক্ষৰতাৰ হাৰ ৯৩.0৯%৷ ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৬.০৫% আৰু মহিলাৰ ৮৯.৮৪%৷ [7]

ধৰ্ম অনুযায়ী হাফলঙৰ জনসংখ্যা [7]
ধৰ্ম শতাংশ
খ্ৰিষ্টিয়ান
  
৩২.৪৮%
হিন্দু
  
৬১.৯৩%
মুছলমান
  
৪.৫৪%
অন্যান্য
  
০.৬১%
ধৰ্ম অনুযায়ী হাফলঙৰ জনসংখ্যা
লগতে, শিখ (0.18%), বৌদ্ধ (0.15%), জৈন(0.02%)

হাফলঙৰ ১২% জনসংখ্যাৰ বয়স ছয়বছৰৰ অনুৰ্ধৰ৷ জনজাতীয় লোকসকলৰ উপৰিও হাফলঙৰ জনসংখ্যাৰ বুজন সংখ্যক অজন-জাতীয় লোকো আছে৷ তেওঁলোকৰ সৰহ সংখ্যকেই চৰকাৰী চাকৰিয়াল আৰু অন্য কিছু সংখ্যক লোক বেহা-বেপাৰৰ লগত জড়িত৷ জনজাতীয় লোকসকলৰ ভিতৰত ডিমাছা, মাৰ, নগা, কুকী, মিজো আদিয়ে প্ৰধান৷

ৰাজনীতি

[সম্পাদনা কৰক]

হাফলং স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷

পৰ্য্যটন

[সম্পাদনা কৰক]

হাফলঙৰ পৰ্যটনৰ বাবে উল্লেখনীয় অঞ্চলসমূহ হ'ল-

  • হাফলং হ্ৰদ
  • জাতিংগা
  • পৰম্পৰাগত গাওঁসমূহ
  • ফিয়াংপুই বাগান
  • জৰাই
  • মউলপং
  • ফিয়াংপুই (Fiangpui) গীৰ্জা

চিত্ৰ সম্ভাৰ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

Dima Hasao ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা









ApplySandwichStrip

pFad - (p)hone/(F)rame/(a)nonymizer/(d)eclutterfier!      Saves Data!


--- a PPN by Garber Painting Akron. With Image Size Reduction included!

Fetched URL: http://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BE%E0%A6%AB%E0%A6%B2%E0%A6%82

Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy