জহামাল
জহামাল | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
বৰ্গ: | Carnivora |
উপবৰ্গ: | Feliformia |
পৰিয়াল: | Viverridae |
গণ: | Paradoxurus |
প্ৰজাতি: | Hermaphroditus[2] |
জহামাল পোৱা ঠাই সমূহ। প্ৰাকৃতিক বাসস্থান সমূহ সেউজীয়া ৰঙেৰে আৰু সংস্থাপিত অঞ্চল ৰঙা ৰঙেৰে দেখুওৱা হৈছে। |
জহামাল (ইংৰাজী: Asian Palm Civet, বৈজ্ঞানিক নামঃ Paradoxurus hermaphroditus) এবিধ দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াত পোৱা জন্তু। ভয় খালে ই এবিধ গোন্ধ যুক্ত ৰাসায়নিক দ্ৰব্য নিঃসৰণ কৰে। এই দ্ৰব্যৰ গোন্ধ জহা চাউলৰ গোন্ধৰ দৰে হোৱা বাবে ইয়াৰ নাম জহামাল। ই বিভিন্ন পৰিৱেশত নিজকে খাপ খুৱাই লব পাৰে বাবে IUCN সংস্থাই ইয়াক বিপদমুক্ত(Least Concern) বুলি থিৰ কৰিছে। ইয়াক এক বিস্তৃত পৰিসৰত যথেষ্ট পৰিমাণে পোৱা যায় বাবে ২০০৮ চনত ইয়াৰ সংখ্যা হ্ৰাস নাই পোৱা বুলি ভবা হয়।[1] চোৰাং চিকাৰ আৰু বণ্যপ্ৰাণীৰ বেআইনী বেহাৰ কৱলত পৰি ইণ্ডোনেছিয়াত ইয়াৰ স্থিতি বিপদাপন্ন হৈছে। তাত ইয়াক কিনোতাই জহামাল কফি(Kopi luwak)ৰ ফচল বৃদ্ধিৰ বাবে ব্যবহাৰ কৰে।[3]
বিৱৰণ
[সম্পাদনা কৰক]জহামালৰ দীঘল শৰীৰত খেলিমেলি কৈ থকা নোমবোৰ সাধাৰণতে ছাই বৰণীয়া হয়। ইয়াৰ মুখত বগা বৰণৰ মুখাৰ দৰে চিন, দুই চকুৰ তলত বগা দাগ, নাকৰ দুই ফালে দুটা বগা ফুট আৰু দুই চকুৰ মাজত এডাল কলা ৰঙৰ ক্ষীণ আঁচ থাকে। ইয়াৰ মুখৰ জোঙা ভাগ, কাণ, ভৰিৰ তলৰ অংশ আৰু নেজৰ আগৰ অংশ কলা হয়। গাত তিনিডাল কলা আঁচ থাকে। নেজডাল বাদ দি ইয়াৰ দেহৰ দ্ৰৈঘ্য প্ৰায় ৫৩ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য প্ৰায় ৪৮ ছে:মি: হয়। ইয়াৰ ওজন ২ ৰ পৰা ৫ কেজি লৈ হয়। ভয় খালে ইয়াৰ গুহ্যদ্বাৰ ওচৰত থকা গন্ধ গ্ৰন্থিৰ পৰা যি গোন্ধ ওলায় সি অন্য অনিষ্টকাৰী জন্তুক আঁতৰাই ৰাখি ইয়াক সুৰক্ষা প্ৰদান কৰে।
বিতৰণ
[সম্পাদনা কৰক]জহামাল ভাৰত, নেপাল, বাংলাদেশ, ভূটান, ম্যানমাৰ, শ্ৰীলংকা, থাইলেণ্ড, ছিংগাপুৰ, মালয়েচীয়া, চাবাহ, চাৰৱাক, ব্ৰুনেই, দাৰুচালাম, লাওচ, কাম্বোডিয়া, ভিয়েটনাম, চীন, ফিলিপাইন, ইণ্ডোনেছিয়াৰ সুমাত্ৰা, জাভা, কালিমান্তান, বাওউইন, আৰু চিবেৰুত দ্বীপ সমূহত পোৱা যায়। ইয়াক ইৰিয়ান জায়া, লেচাৰ তুন্দ্ৰা দ্বীপ, মালাকু আৰু চুলাৱেচিত সংস্থাপন কৰা হৈছে। পাপুৱা নিউগিনিত ইয়াৰ উপস্থিতি সন্দেহ জনক। ই প্ৰধানকৈ পুৰণি সংৰক্ষিত হাবিত থাকে যদিও অন্য বনাঞ্চলতো ইয়াক পোৱা যায়। ই উদ্যান, ফল মূল বা আহত জাতীয় গছ থকা চহৰৰ বাহিৰৰ বাগিচা আৰু সুৰক্ষিত বনাঞ্চলতো পোৱা যায়। ই ইয়াৰ চোকা নখেৰ গছ আৰু ঘৰৰ টিঙৰ পানী পৰা নাওৰা আদি বগাব পাৰে। ই ঘৰৰ চিলিংত বাহ লৈ পোৱালি দিয়া বাবে আৰু ৰাতি ঘূৰাঘূৰি আৰু হাই কাজিয়া কৰি হুলস্থূল সৃষ্টি কৰা বাবে বৰ আমনিদায়ক হৈ পৰে।
জহামাল কফি(Kopi luwak)
[সম্পাদনা কৰক]ইণ্ডোনেছিয়াত কফিৰ গুটি জহামালক খাবলৈ দিয়া হয় আৰু বিষ্ঠাৰ পৰা খাদ্যনলীত পচন হোৱা গুটিবোৰৰ পৰা জহামাল কফি তৈয়াৰ কৰা হয়। জহামাল কফিত কেফেইনৰ পৰিমাণ সাধাৰণ কফিতকৈ কম হয়।[4] জহামাল কফিৰ বৰ্দ্ধিত চাহিদাৰ বাবে, ব্যৱসায়িক ভিত্তিত তৈয়াৰ কৰিবৰ বাবে বনৰীয়া জহামালৰ পৰিৱৰ্তে আজিকালি জহামাল ধৰি আনি পুহি এই কামতো কৰা হয়।[5][6]
আচৰণ আৰু পৰিস্থিতিতন্ত্ৰ
[সম্পাদনা কৰক]জহামালে সংগমৰ সময়ত চমু সময়ৰ বাহিৰে অকলশৰীয়া জীৱন কটায় বুলি ভবা হয়। ই স্থল আৰু বৃক্ষ উভয়তে থাকে, ই সন্ধিয়াৰ আগৰ পৰা মাজনিশালৈকে নিশাচৰৰ দৰে আচৰণ প্ৰদৰ্শন কৰে।[7] সাধাৰণতে কাহিলীপুৱাৰ পৰা ৰাতিপুৱা ৪:০০ বজাৰ ভিতৰত ই সক্ৰিয় হয়, কিন্তু চন্দ্ৰ আটাইতকৈ উজ্জ্বল হোৱা ৰাতবোৰত কম সক্ৰিয় হয়।[8]
গোন্ধ চিহ্নিত কৰা আচৰণ আৰু ঘ্ৰাণ প্ৰতিক্ৰিয়া আদি বিভিন্ন নিঃসৰণৰ প্ৰতি যেনে প্ৰস্ৰাৱ, মল, পেৰিনেল গ্ৰন্থিৰ নিঃসৰণ মতা আৰু মাইকীৰ ক্ষেত্ৰত পৃথক। পেৰিনেল গ্ৰন্থিৰ যোগেদি বস্তুৰ ওপৰত গোন্ধ নিঃসৰণ কৰি চিহ্নিত কৰাটো উভয় লিংগৰ প্ৰাণীতে বেছিকৈ দেখা যায়। ঘ্ৰাণ প্ৰতিক্ৰিয়াৰ সময়সীমা ভিন্ন আৰু ই লিংগ আৰু নিষ্কাশনৰ প্ৰকাৰ দুয়োটাৰে ওপৰত নিৰ্ভৰ কৰে। জহামালে পেৰিনেল গ্ৰন্থিৰ পৰা নিঃসৰণ কৰা গোন্ধৰ দ্বাৰা প্ৰাণীৰ প্ৰজাতি, লিংগ, চিনাকি আৰু অচিনাকিক পৃথক কৰিব পাৰে।[9]
খাদ্য আৰু খাদ্যাভ্যাস
[সম্পাদনা কৰক]জহামাল হৈছে সৰ্বভোজী প্ৰাণী যিয়ে জামু আৰু পাল্পি ফলৰ দৰে আগশাৰীৰ খাদ্য গ্ৰহণ কৰে। এইদৰে ই বীজ স়ঞ্চালনৰ জৰিয়তে গ্ৰীষ্মমণ্ডলীয় বনাঞ্চলৰ পৰিৱেশতন্ত্ৰ ৰক্ষা কৰাত সহায় কৰে।[7] ই চিকু, আম আৰু ৰামবুটান খায়, কিন্তু সৰু স্তন্যপায়ী আৰু পোক-পৰুৱাও খায়। গুনুং গেডে পাংগ্ৰাংগো ৰাষ্ট্ৰীয় উদ্যানত পিনাংগা কুহলী আৰু পি.জাভানা তালজাতীয় গছৰ প্ৰাকৃতিক পুনৰুৎপাদনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।[10]
প্ৰজনন
[সম্পাদনা কৰক]ইয়াৰ একাকী চৰিত্ৰ আৰু নিশাচৰ অভ্যাসৰ বাবে প্ৰজনন প্ৰক্ৰিয়া আৰু আচৰণৰ বিষয়ে বহুত কমেইহে জনা যায়।[11] ২০১০ চনৰ মাৰ্চ মাহত সংগমৰ বাবে প্ৰস্তুত হ'বলৈ চেষ্টা কৰাৰ সময়ত এহাল জহামালক দেখা গৈছিল। প্ৰায় পাঁচ মিনিটমান সময় গছৰ ডালতে যুটিটো সংগমত লিপ্ত হৈছিল। সেই সময়ছোৱাত মতাটোৱে মাইকীজনীৰ ওপৰত ৪–৫ বাৰ আৰোহণ কৰিছিল। প্ৰতিটো সংগমৰ পিছত যুটিটোৱে কেইমুহূৰ্তমানৰ বাবে পৃথক হৈ একে পদ্ধতি পুনৰাবৃত্তি কৰিছিল। সংগম সম্পূৰ্ণ হোৱাৰ পিছত যুটিটোৱে কিছু সময় ইফালে সিফালে খেলা-ধূলা কৰি গছজোপাৰ এটা ডালৰ পৰা আন এটা ডাললৈ আহ-যাহ কৰি থাকিল। প্ৰায় ছয় মিনিটৰ পিছত যুটিটো পৃথক হৈ ভিন্ ভিন্ ডাললৈ গৈ তাতেই জিৰণি ল’লে।[12]
ভাবুকি
[সম্পাদনা কৰক]২০০৮ চনৰ পৰা এছিয়াৰ জহামালক আই ইউ চি এন-ৰ ৰেড লিষ্টত ন্যূনতম বিপন্ন প্ৰজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে। ২০০৮ চনৰ হিচাপত বিশ্বত ইয়াৰ সংখ্যা বৃহৎ আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা কম বুলি ভবা হৈছিল। বিশেষকৈ দক্ষিণ চীনত চিকাৰ আৰু ফান্দত পেলোৱাৰ ফলত ইয়াৰ প্ৰতি ভাবুকি আহিছে; ভাৰতৰ কিছুমান অঞ্চলত কিছুমান জনগোষ্ঠীয়ে ইয়াক মাৰি ইয়াৰ মাংস ভোজন কৰে।[1] ইয়াৰ মাংসৰ সৰু সৰু টুকুৰাৰ পৰা উলিওৱা তেল বন্ধ মাটিৰ পাত্ৰত লিনচিড তেলত ৰাখি নিয়মিতভাৱে ৰ'দত ৰখা তেল চৰ্মৰোগৰ নিৰাময় হিচাপে থলুৱাভাৱে ব্যৱহাৰ কৰা হয়।[13]
ইণ্ডোনেছিয়াত চোৰাং চিকাৰ আৰু অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায়ৰ ফলত ইয়াৰ প্ৰতি ভাবুকি আহিছে; ক্ৰেতাসকলে ইয়াক এছিয়াৰ জহামালে হজম আৰু নিৰ্গত কৰা কফিৰ বীনৰ পৰা তৈয়াৰী কপি লুৱাক উৎপাদনৰ বাবে ব্যৱহাৰ কৰে।[3] ইহঁতক বেটাৰী পিঞ্জৰা ব্যৱস্থাত ৰখা হয়, পশু কল্যাণৰ ভিত্তিত এই কাৰ্যক সমালোচনা কৰা হৈছে।[14][5] ইয়াৰ বিচৰণ ক্ষেত্ৰৰ কিছুমান অংশত এছিয়াৰ জহামালক মাংসৰ বাব চিকাৰ কৰাৰ লগতে পোহনীয়া জন্তু হিচাপে ৰাখিবলৈ ব্যৱসায় কৰা হয়।[15]
সংৰক্ষণ
[সম্পাদনা কৰক]এছিয়ান পাম চিভেট CITES-ৰ পৰিশিষ্ট III-ত তালিকাভুক্ত কৰা হৈছে।[16] ইণ্ডোনেছিয়াত কোটা প্ৰযোজ্য কৰা হৈছে, কিছুমান অঞ্চলৰ পৰা বাণিজ্য ৰোধ কৰা হৈছে, বনাঞ্চলৰ পৰা সংগ্ৰহ কৰিব পৰা জহামালৰ সংখ্যাৰ ওপৰত সীমা নিৰ্ধাৰণ কৰা হৈছে, বনাঞ্চলৰ পৰা আঁতৰোৱা জহামালৰ মাত্ৰ ১০% ঘৰুৱাভাৱে বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে। এই কোটা চিকাৰী আৰু ব্যৱসায়ীসকলে বহুলাংশে আওকাণ কৰে আৰু কৰ্তৃপক্ষই ইয়াক বলবৎ নকৰে।[17] শেহতীয়া বছৰবোৰত ইণ্ডোনেছিয়াত পোহনীয়া জন্তু হিচাপে এই প্ৰজাতিটো জনপ্ৰিয় হৈ পৰাৰ ফলত জাভা আৰু বালিৰ বজাৰত ইয়াক পোৱাটো বৃদ্ধি হৈছে। পোহনীয়া জন্তু হিচাপে বিক্ৰী কৰা জীৱ-জন্তুৰ অধিকাংশই বনাঞ্চলৰ পৰা অনা বন্যপ্ৰাণীহে। এনেদৰে দেখা পোৱা জীৱ-জন্তুৰ সংখ্যা বেছি, কোটা পালন নকৰা আৰু আইন বলবৎ নকৰা আদি সংৰক্ষণৰ চিন্তাৰ কাৰণ।[15]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Duckworth, J.W.; Timmins, R.J.; Choudhury, A.; Chutipong, W.; Willcox, D.H.A.; Mudappa, D.; Rahman, H.; Widmann, P. et al. (2016). Paradoxurus hermaphroditus. p. e.T41693A45217835. doi:10.2305/IUCN.UK.2016-1.RLTS.T41693A45217835.en.
- ↑ সাঁচ:MSW3 Wozencraft
- ↑ 3.0 3.1 Shepherd, C. (2012). "Observations of small carnivores in Jakarta wildlife markets, Indonesia, with notes on trade in Javan Ferret Badger Melogale orientalis and on the increasing demand for Common Palm Civet Paradoxurus hermaphroditus for civet coffee production". Small Carnivore Conservation খণ্ড 47: 38–41. https://www.researchgate.net/publication/259781537.
- ↑ Mahendradatta, M.; Tawali, A. B. (2012). Comparison of chemical characteristics and sensory value between luwak coffee and original coffee from Arabica (Coffea arabica L) and Robusta (Coffea canephora L) varieties. প্ৰকাশক Makassar: Food Science and Technology Study Program, Department of Agricultural Technology, Faculty of Agriculture, Hasanuddin University. Archived from the original on 2013-10-17. https://web.archive.org/web/20131017050403/http://repository.unhas.ac.id/bitstream/handle/123456789/2560/Meta%20Mahendradatta.pdf?sequence=1। আহৰণ কৰা হৈছে: 2022-05-18.
- ↑ 5.0 5.1 Milman, O. (11 November 2012). "World's most expensive coffee tainted by 'horrific' civet abuse". The Guardian (London). https://www.theguardian.com/environment/2012/nov/19/civet-coffee-abuse-campaigners.
- ↑ Penha, J. (4 August 2012). "Excreted by imprisoned Civets, Kopi Luwak no longer a personal favorite". The Jakarta Globe. http://www.thejakartaglobe.com/talkback/excreted-by-imprisoned-civets-kopi-luwak-no-longer-a-personal-favorite/535098। আহৰণ কৰা হৈছে: 17 August 2012.
- ↑ 7.0 7.1 Grassman, L.I. Jr. (1998). "Movements and fruit selection of two Paradoxurinae species in a dry evergreen forest in Southern Thailand". Small Carnivore Conservation (19): 25–29.
- ↑ Joshi, A.R.; Smith, J.L.D.; Cuthbert, F.J. (1995). "Influence of food distribution and predation pressure on spacing behavior in palm civets". Journal of Mammalogy (American Society of Mammalogists) খণ্ড 76 (4): 1205–1212. doi:10.2307/1382613.
- ↑ Rozhnov, V. V.; Rozhnov, Y. V. (2003). "Roles of Different Types of Excretions in Mediated Communication by Scent Marks of the Common Palm Civet, Paradoxurus hermaphroditus Pallas, 1777 (Mammalia, Carnivora)". Biology Bulletin (MAIK Nauka/Interperiodica) খণ্ড 30 (6): 584–590. doi:10.1023/B:BIBU.0000007715.24555.ed.
- ↑ Thohari, M.; Santosa, Y. (1986). "A preliminary study on the role of civet (Paradoxurus hermaphroditus) in the natural regeneration of palms (Pinanga kuhlii and P. zavana) at Gunung Gede-Pangrango National Park, West Java (Indonesia)". Symposium on Forest Regeneration in Southeast Asia, 9–11 May 1984. Biotrop Special Publication. pp. 151–153.
- ↑ Prater, S. H. (1980). The book of Indian animals (Second সম্পাদনা). প্ৰকাশক Bombay, India: Bombay Natural History Society.
- ↑ Borah, J.; Deka, K. (2011). "An observation of Common Palm Civet Paradoxurus hermaphroditus mating". Small Carnivore Conservation খণ্ড 44: 32–33. https://www.researchgate.net/publication/275976514.
- ↑ Singh, L.A.K. (1982). "Stomach contents of a common palm civet, Paradoxurus hermaphroditus (Pallas)". Journal of the Bombay Natural History Society খণ্ড 79 (2): 403–404. https://archive.org/details/journalofbombay791982bomb/page/402/mode/2up.
- ↑ Penha, J. (2012). "Excreted by imprisoned Civets, Kopi Luwak no longer a personal favorite". The Jakarta Globe. http://www.thejakartaglobe.com/talkback/excreted-by-imprisoned-civets-kopi-luwak-no-longer-a-personal-favorite/535098। আহৰণ কৰা হৈছে: 17 August 2012.
- ↑ 15.0 15.1 Nijman, V.; Spaan, D.; Rode-Margono, E. J.; Roberts, P. D.; Wirdateti; Nekaris, K. A. I. (2014). "Trade in common palm civet Paradoxurus hermaphroditus in Javan and Balinese markets, Indonesia". Small Carnivore Conservation (51): 11−17. https://www.researchgate.net/publication/273671173.
- ↑ Duckworth, J.W.; Timmins, R.J.; Choudhury, A.; Chutipong, W.; Willcox, D.H.A.; Mudappa, D.; Rahman, H.; Widmann, P. et al. (2016). Paradoxurus hermaphroditus. p. e.T41693A45217835. doi:10.2305/IUCN.UK.2016-1.RLTS.T41693A45217835.en.
- ↑ Shepherd, C. R. (2008). "Civets in trade in Medan, North Sumatra, Indonesia (1997–2001) with notes on legal protection". Small Carnivore Conservation খণ্ড 38: 34–36. http://smallcarnivoreconservation.org/sccwiki/images/4/47/SCC38_Shepherd.pdf. Archived January 29, 2015, at the Wayback Machine