সমললৈ যাওক

এ ললিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এ ললিতা
Ayyalasomayajula Lalitha
জন্ম ২৭ আগষ্ট ১৯১৯
মৃত্যু ১৯৭৯
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিযন্তা
জনা যায় প্ৰথম ভাৰতীয় মহিলা বৈদ্যুতিক অভিযন্তা

এ ললিতা (ইংৰাজী: Ayyalasomayajula Lalitha)(২৭ আগষ্ট ১৯১৯ - ১৯৭৯)[1] আছিল এগৰাকী বৈদ্যুতিক অভিযন্তা যাক ভাৰতৰ প্ৰথমগৰাকী মহিলা অভিযন্তা হিচাপে স্মৰণ কৰা হয়।[2] ইয়াৰোপৰি ললিতা আছিল মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ অৱ ইঞ্জিনিয়াৰিঙ, গিণ্ডীৰ পৰা ডিগ্ৰীপ্ৰাপ্ত প্ৰথমগৰাকী ভাৰতীয় মহিলা।[3][4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ললিতাৰ জন্ম হৈছিল ১৯১৯ চনত। তেওঁৰ পিতৃৰ নাম আছিল পাপ্পু চুব্বা ৰাও। তেওঁলোকৰ সাতোটা সন্তানৰ ভিতৰত ললিতা পঞ্চমটি সন্তান আছিল।[2] ল'ৰা সন্তানকেইটিক অভিযন্তা হিচাপে গঢ় দিয়াৰ মানসেৰে শিক্ষা দিয়া হৈছিল, আনহাতে ছোৱালীসন্তানকেইটিক কেৱল প্ৰাথমিক শিক্ষাহে প্ৰদান কৰা হৈছিল।[1]

১৯৩৪ চনত মাত্ৰ পোন্ধৰ বছৰ বয়সতে ললিতা বিবাহপাশত বন্দী হৈছিল। ১৮ বছৰ বয়সত ললিতাই তেওঁৰ প্ৰথম আৰু একমাত্ৰ কন্যা সন্তান শ্যামলাৰ জন্ম দিয়ে। বিয়াৰ তিনিবছৰ পাছতেই, ১৯৩৭ চনত ললিতাৰ স্বামীৰ মৃত্যু ঘটে।[2][5]

অকাল বৈধৱ্যকে সাবটি জীৱনটো কটাই দিয়াৰ পৰিৱৰ্তে ললিতাই শিক্ষাগ্ৰহণ অব্যাহত ৰখাৰ কথা ভাবিলে। চেন্নাইত থকা কুইনছ্ মেৰি কলেজৰ পৰা ললিতাই ইণ্টাৰমেডিয়েট পৰীক্ষাত উত্তীৰ্ণ হ'ল। পৰীক্ষাত তেওঁ প্ৰথম স্থান পালে। তাৰপিছত ১৯৩৯ চনত তেওঁ কলেজ অৱ ইঞ্জিনিয়াৰিং (CEG), মাদ্ৰাছ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে। লক্ষ্য আছিল-বৈদ্যুতিক অভিযান্ত্ৰিকত এটা ডিগ্ৰী অৰ্জন কৰা। উল্লেখযোগ্য যে, এগৰাকী ছোৱালীৰ মাতৃ, ওঠৰ বছৰতে বিধৱাৰ সাজ পিন্ধা ললিতায়েই আছিল CEGত পঢ়িবলৈ যোৱা প্ৰথমগৰাকী মহিলা শিক্ষাৰ্থী।[2][6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৪৪ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত, ললিতাই তেওঁৰ পিতৃক গৱেষণাত সহায় কৰে আৰু ছিমলাস্থিত কেন্দ্ৰীয় মাপদণ্ড সংস্থাত (Central Standard Organisation) কিছুদিনৰ বাবে যোগদান কৰে। পৰৱৰ্তী সময়ত ললিতাই ব্ৰিটিছ উদ্যোগ এছ'ছিয়েটেড ইলেক্ট্ৰিকেল ইণ্ডাষ্ট্ৰিছ (AEI)ৰ লগত সংযুক্ত হয়। তেওঁ ঠিকাসম্পৰ্কীয় কাম, ছাব-ষ্টেছনৰ নক্সা আৰু বিদ্যুৎ পৰিবাহী তাঁৰৰ আৰ্হি প্ৰস্তুত কৰিছিল। ভাৰতৰ ভাক্ৰা নাংগল বান্ধ নিৰ্মাণৰ সময়ত ললিতাই জেনেৰেটৰসম্পৰ্কীয় কৰ্মত দেখুউৱা পাৰদৰ্শিতা আৰু দক্ষতা বিশেষভাৱে স্মৰণীয়। ললিতাই AEIত তিনিটা দশক সম্পূৰ্ণ কৰি ১৯৭৭ চনত অৱসৰী জীৱনৰ পাতনি মেলে।[2]

১৯৫৩ চনত তেওঁ বৈদ্যুতিক অভিযন্তাৰ প্ৰতিষ্ঠানৰ পৰিষদ (IEE) এগৰাকী সহযোগী সদস্য হয়। ১৯৬৬ চনত তেওঁ পৰিষদৰ সম্পূৰ্ণ সদস্য হৈ পৰে। [6] ১৯৬৪ চনত, নিউইয়ৰ্কত অনুষ্ঠিত হোৱা প্ৰথমখন মহিলা অভিযন্তা আৰু বৈজ্ঞানিকৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনীত (ICWES) অংশগ্ৰহণ কৰা ললিতাই আছিল প্ৰথম আৰু একমাত্ৰ ভাৰতীয় মহিলা অভিযন্তা।[2]

১৯৭৯ চনত ব্ৰেইন এনিউৰিজমত (Brain aneurysm) আক্ৰান্ত হৈ ললিতাই মৃত্যুক সাবটি লয়।[2][1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy